Your Mic Your Voice

গুৱাহাটীৰ ট্ৰেফিক আৰক্ষীলৈ ৫০ খন নতুন বাইক – এতিয়া যান-জঁটত আৰু তীব্ৰ হ’ব অভিযান

0

দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে গুৱাহাটী যান-বাহন আৰক্ষীক ৫০ খনকৈ নতুন অত্যাধুনিক বাইকৰ চাবি প্ৰদান কৰে। এতিয়াৰে পৰা চাৰিচকীয়া বাহনৰ সমান্তৰালকৈ এই দ্ৰুতগামী বাইকসমূহেৰে মহানগৰীৰ প্ৰতিটো চুকে-কোণে তৎপৰতাৰে পহৰা দিয়াৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিত পথৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব আৰক্ষীয়ে।

unimex

বিশেষকৈ গুৱাহাটীৰ ঠেক আৰু সদা ব্যস্ত পথত য’ত প্ৰায়ে যান-জঁটৰ সৃষ্টি হয়, তাত চাৰিচকীয়া বাহনতকৈ এই বাইকসমূহ অধিক কাৰ্যকৰী হ’ব। ইয়াৰ ফলত আৰক্ষীৰ উপস্থিতি অধিক ক্ষিপ্ৰ হ’ব। দিনে-নিশাই মহানগৰীৰ যান-বাহন ব্যৱস্থা নিয়ন্ত্ৰণ কৰা আৰক্ষী জোৱানসকলৰ বাবে এই নতুন বাহনসমূহে কৰ্তব্য পালনত যথেষ্ট সকাহ দিব।

আনহাতে, বাইকসমূহ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সংযোজনে মহানগৰীৰ পথ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব। অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে নিজে হেলমেট পিন্ধি এখন বাইকত টেষ্ট ৰাইড কৰে, যিয়ে উপস্থিত আৰক্ষীৰ জোৱানসকলক যথেষ্ট উৎসাহিত কৰে

Leave A Reply

Your email address will not be published.

Translate »