Your Mic Your Voice

অগ্নিবীৰ আৰু মধুপুৰ সত্ৰলৈ ডাঙৰ খবৰ – কেবিনেটে ল’লে দুটা ডাঙৰ সিদ্ধান্ত

0

দিছপুৰত ৰাজ্যিক কেবিনেটৰ বৈঠক: কেইবাটাও ডাঙৰ সিদ্ধান্ত

আজি দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ:

১. JJM আৰু পুৰণা বাহনৰ সেউজ কৰ:
জল জীৱন মিছনৰ আঁচনি সফল ৰূপায়ণৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ লগতে পুৰণা বাহনৰ সেউজ কৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়। বৈদ্যুতিক বাহন, CNG বাহন আৰু দুচকীয়া, তিনিচকীয়া বাহনে সেউজ কৰ দিব নালাগে। আন চাৰিচকীয়া বাহনসমূহৰ বাবে ৩ হাজাৰ টকা সেউজ কৰ দিব লাগিব।

unimex

২. অগ্নিবীৰৰ বাবে ১২% সংৰক্ষণ:
অসমৰ নিবাসী অগ্নিবীৰসকলৰ বাবে ৰাজ্য চৰকাৰে ১২% পদ সংৰক্ষণৰ ব্যৱস্থা কৰে। অসম আৰক্ষীৰ কাৰাগাৰ, অগ্নিনিৰ্বাপক বাহিনী, ফৰেষ্ট গাৰ্ড, SDRFৰ লগতে আন বাহিনীসমূহত কনিষ্টবল পদত এই সংৰক্ষণ প্ৰযোজ্য হ’ব।

৩. ডালমিয়াৰ বৃহৎ বিনিয়োগ:
ডালমিয়া চিমেণ্ট কোম্পানীয়ে অসমত ১০ হাজাৰ ২০০ কোটি টকা বিনিয়োগ কৰিব। লংকা আৰু উমৰাংছ’ত এই প্ৰকল্প স্থাপন হ’ব। কেবিনেটে এই বিনিয়োগ প্ৰস্তাৱত অনুমোদন জনায়।

৪. মধুপুৰ সত্ৰ আৰু অসম ৰেজিমেণ্ট:
কোচবিহাৰৰ মধুপুৰ সত্ৰৰ আৰ্থিক সমস্যা দূৰ কৰাৰ বাবে অসম চৰকাৰে প্ৰতি মাহে ১ লাখ টকাকৈ আগবঢ়াব। লগতে বৰদোৱাৰ দৰে মধুপুৰ সত্ৰৰ বাবেও বৃহৎ প্ৰকল্প লোৱাৰ পৰিকল্পনা কৰা হৈছে। মেঘালয়ৰ অসম ৰেজিমেণ্টৰ উন্নয়নৰ বাবে ১০ কোটি টকা আবণ্টন দিয়া হৈছে।

৫. অন্যান্য সিদ্ধান্ত:
বড়োভূমি, কাৰ্বি আংলং, ডিমা হাছাওৰ বাবে ৩খন MoUত স্বাক্ষৰ, পৌৰ নিগমৰ গোচৰ নিষ্পত্তিৰ বাবে বিশেষ সিদ্ধান্ত, গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্টৰ পৰিসৰ কাছাৰীৰ পৰা কামাখ্যা পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে Tata Consultancyক প্ৰতিবেদন প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে।

Leave A Reply

Your email address will not be published.

Translate »