মেঘালয়ত অচলাৱস্থা , আজিও প্ৰতিবাদ অব্যাহত খানাপাৰাত
শ্বিলঙত ঘটি থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আজি দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ। আজিও যোৰাবাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চালক সকলৰ লগতে বিভিন্ন দল-সংগঠনে। ফলত ব্যাহত হৈ পৰিছে দুয়োখন ৰাজ্যৰ মাজত যাতায়তৰ ব্যৱস্থা।
ইয়াৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে পৰ্যটক সকলৰ লগতে যাত্ৰীসকল। কালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগে লগে বন্ধ হৈছিল দুয়োখন ৰাজ্যৰ মাজত যাতায়ত ব্যৱস্থা। বৰ্তমান সময়তো এই অৱস্থা বাহাল আছে।

লগতে আজি মেঘালয়ৰ চালক সন্থায়ো এই প্ৰতিবাদী কাৰ্যসৃ্চী ৰূপায়ন কৰে। অসমৰ পৰা যোৱা বাহনৰো প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয়ৰ টেক্সি চালক সন্থাই।
উল্লেখযোগ্য যে খাচী ষ্টুডেণ্টছ ইউনিয়ন প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ বিৰূপ প্ৰভাৱ এতিয়া দুয়োখন ৰাজ্যৰ মাজত পৰা পৰিলক্ষিত হৈছে।