দিল্লী সদৃশ পৰিস্থিতি ঝাৰখণ্ডত; প্ৰতিবাদকাৰীক লাঠী চালনা, জল কেনন নিক্ষেপ
দিল্লী সদৃশ পৰিস্থিতিয়ে বৰ্তমান পৰিলক্ষিত হৈছে ঝাৰখণ্ডৰ ৰাজপথত ৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বিধানসভা ঘেৰাও কাৰ্যসূচী অংশ লয় আৰু প্ৰতিবাদকাৰীয়ে বিধানসভা অভিমুখে পদযাত্ৰা কৰাৰ সময়তে প্ৰতিবাদী সমদলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠী চাৰ্জ কৰে ৷
ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু অন্যান্য নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে ৰাঁচীত অব্যাহত আছে শিক্ষাৰ্থীৰ প্ৰতিবাদ । সোমবাৰে প্ৰতিবাদকাৰীয়ে গ্ৰহণ কৰিছিল ‘বিধানসভা ঘেৰাও’ কাৰ্যসূচী । আজি বিধানসভালৈ পদযাত্ৰাৰ সময়তে ৫০০ৰো অধিক শিক্ষাৰ্থীক আটক কৰে আৰক্ষীয়ে ।

ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত শিক্ষাৰ্থী প্ৰতিবাদকাৰীসকলে বিধানসভাৰ দিশে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ‘VOLUNTEER’ টি-চাৰ্ট পিন্ধি সমবেত হয় । সোমবাৰে এই প্ৰতিবাদে ১৭ সংখ্যক দিনত ভৰি দিলে । এই আন্দোলনৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীয়ে JPSC আৰু JSSC য়ে অনুষ্ঠিত কৰা একাংশ নিযুক্তি পৰীক্ষা বাতিলৰ দাবী তুলিছে ।

অনশন কৰি থকা জে পি এছ চিৰ প্ৰতিবাদী নেতা দেৱেন্দ্ৰ নাথ মাহাটো অব্যাহত থকা প্ৰতিবাদী সমদলৰ মাজতে এম্বুলেন্সেৰে বিধানসভালৈ ৰাওনা হয় । এই পদযাত্ৰাত যোগদান কৰে আৰু সমৰ্থকসকলে তেওঁক ষ্ট্ৰেচাৰত কঢ়িয়াই নিয়া দেখা যায় ।
প্ৰতিবাদৰ মাজতে ছাত্ৰ বিক্ষোভকাৰীয়ে পুৰণি বিধানসভা ভৱনৰ ওচৰৰ আৰক্ষীৰ বেৰিকেড ভাঙি নতুন বিধানসভা ভৱনৰ ফালে যাত্ৰা অব্যাহত ৰাখিছে । যাৰ ফলত আৰক্ষীয়ে লাঠীচালনাৰে আক্ৰমণকাৰীক দমন কৰে । বন্দীসকলক বাছত ঠেলি দি কেম্প জেললৈ লৈ যোৱা হয় । আৰক্ষীৰ এই পদক্ষেপৰ পিছতো বহু ছাত্ৰ-ছাত্ৰীয়ে দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব বুলি কয় ।
কোনো ধৰণৰ আইন-শৃংখলা পৰিস্থিতি ৰোধ কৰিবলৈ কৰ্তৃপক্ষই অতিৰিক্ত কৰ্মীকে ধৰি কটকটীয়াকৈ আৰক্ষী নিয়োগ কৰিছিল । বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আৰু চৰকাৰে নিযুক্তি দিয়া পেনেলৰ মাজত একাধিক পৰ্যায়ৰ আলোচনাৰ অন্তত সোমবাৰে এই পদযাত্ৰাৰ সিদ্ধান্ত লয় প্ৰতিবাদকাৰীসকলে ।
ইফালে বিৰোধী দলৰ নেতা বাবুলাল মাৰাণ্ডী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি আদিত্য চাহুকে ধৰি কেইবা ডজন বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল । ছাত্ৰ-ছাত্ৰীৰ দাবীক সমৰ্থন কৰি বিজেপি নেতাসকলে নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়ম সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে । প্ৰতিবাদ সাব্যস্ত কৰা মৰাণ্ডীকে ধৰি অন্যান্য নেতাকো আটক কৰে আৰক্ষীয়ে ।