Your Mic Your Voice

দুৰ্ঘটনাগ্ৰস্থ হ’ল পৰ্যটক কঢ়িওৱা বিমান; থিতাতে প্ৰাণ গ’ল ১৩ জনৰ

0

শনিবাৰে দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ যাৰ ফলত থিতাতে মৃত্যু ঘটে ১৩ জনকৈ লোকৰ । সংবাদ সংস্থা Al Jazeera ই জনোৱা অনুসৰি বিমানখনত কেবাজনো যাত্ৰী আছিল আৰু অধিকাংশই পৰ্যটক বুলি চিনাক্ত কৰা হৈছে । প্ৰাণ হেৰুওৱাসকলে বিখ্যাত নাজকা লাইন চাবলৈ গৈ আছিল বুলি জানিব পৰা গৈছে । ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিখ্যাত ‘নাজকা লাইনছ’ ।   স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে পেৰুত নাজকা চহৰৰ বাহিৰৰ এখন পথাৰত পৰ্যটক কঢ়িয়াই অনা এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৩ জন লোকৰ মৃত্যু হয়।

লিমাৰ পৰা প্ৰায় ২৪০ কিলোমিটাৰ (১৫০ মাইল) দক্ষিণে থকা পিস্কো বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত দুপৰীয়া প্ৰায় ১:০০ বজাত (১৮:০০ GMT) দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই ।

unimex

আৰক্ষী মেজৰ জৰ্জ এণ্ড্ৰেডে জনোৱা মতে, বিমানখনত ১১ জন যাত্ৰী আৰু দুজন ক্ৰু আছিল, যিসকলৰ আটাইকেইজনৰ দুৰ্ঘটনাত মৃত্যু হয় ।

দুৰ্ঘটনাস্থলীত উপস্থিত সংবাদ মাধ্যমৰ আগত এণ্ড্ৰেডে কয়, ‘আমি জানিবলৈ পাইছো যে বিমানখনত থকা ১১ জন যাত্ৰী আৰু দুজন ক্ৰুৰ মৃত্যু হৈছে ।

তেওঁ লগতে কয়, “দুৰ্ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোনো লোক জীৱিত হৈ থকাৰ আশা নাই । আমি এতিয়ালৈকে চাৰিটা মৃতদেহ উদ্ধাৰ কৰিছো ।”

Leave A Reply

Your email address will not be published.

Translate »