মহানগৰ প্ৰশাসনে মচি পেলালে উৰণ সেতুৰ খুঁটাত অংকণ কৰা উদ্ভাৱক তথা সোণম ৱাংচুকৰ প্ৰতিচ্ছবি । মাত্ৰ দুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত উৰণ সেতুৰ এটা খুঁটাত লাডাখৰ প্ৰখ্যাত পৰিৱেশ কৰ্মীগৰাকীৰ ছবি অংকন কৰিছিল চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ নকুল মিলি আৰু গৌৰৱ সিঙে । অনুমতি অবিহনে ৰাজহুৱা সম্পত্তি নষ্ট কৰি আমৰণ অনশনকাৰীগৰাকীৰ ছবি অংকন কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে দুয়োজন চিত্ৰশিল্পীক গ্ৰেপ্তাৰ কৰিছিল । ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত যুৱক দুজনৰ বিৰুদ্ধে দিছপুৰ থানাত ৫২৪/২৬ নম্বৰত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমে হাতত লৈছিল ‘স্পট ফাইন’ৰ ব্যৱস্থা । এই জৰিমণাৰ তালিকাত অৰ্ন্তভুক্ত কৰা হৈছিল ৰাজহুৱা দেৱালত ছবি আকিলে জৰিমণা বিহা ব্যৱস্থাৰ । অৰ্থাৎ চৰকাৰী সম্পত্তিত অনুমতি অবিহনে ছবি অংকণ কৰিলে প্ৰশাসনে গ্ৰহণ কৰিব পাৰিব বিহিত ব্যৱস্থাৰ । এই নিৰ্দেশনা জাৰি কৰাৰ পৰৱৰ্তী সময়ত বশিষ্ঠৰ উৰণ সেতুৰ এটা খুঁটাত ছবি অংকন কৰিছিল দুই যুৱকে । ইয়াৰ পাচতেই গুৱাহাটী মহানগৰ আৰক্ষী আৰু প্ৰশাসন বিষয়টো সন্দৰ্ভত তৎপৰ হৈ পৰে আৰু যুৱক দুজনক ৰাজহুৱা দেৱালত ছবি অংকণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰৰ পাছত দেওবাৰৰ পুৱা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে খুঁটাত অংকিত ৱাংচুকৰ ছবিখন সম্পূৰ্ণৰূপে মচি দিয়া হয় । স্মৰ্তব্য যে, প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰ কৰি সচেতন মহলে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে ।
উল্লেখ্য যে, দিল্লীৰ যন্তৰ-মন্তৰত শিক্ষা ব্যৱস্থাৰ সংস্কাৰ তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই আমৰণ অনশনত বহা সোণম ৱাংচুকৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ দুই চিত্ৰশিল্পীয়ে শুকুৰবাৰৰ নিশা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহলৈ যোৱা পথৰ দেৱালত অংকণ কৰিছিল ৱাংচুকৰ ছবি আৰু এই ছবি আঁকি থকা অৱস্থাতে মহানগৰ আৰক্ষীয়ে আটক কৰিছিল দুয়োকে ।

