শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিজ্ঞানী, শিক্ষাবিদ সোণম ৱাংচুকে ২৮ জুনৰ পৰা আৰম্ভ কৰিছিল আমৰণ অনশন । সক্ৰিয় কৰ্মী তথা শিক্ষাবিদগৰাকীয়ে চলাই থকা আমৰণ অনশন বিষয়টোত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল উচ্চ ন্যায়ালয়েও । ন্যায়ালয়ৰ লগতে বিভিন্ন দল-সংগঠনেও ৱাংচুকৰ অনশনৰ বিষয়টো গম্ভীৰতাৰে লক্ষ্য কৰি বিজ্ঞানীগৰাকীক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছিল । ইযাৰ পাচতে সক্ৰিয় কৰ্মীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ ২০ জুলাই পৰ্যন্ত অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিব, যাতে তেওঁ ককৰোচ জনতা পাৰ্টিৰ (CJP) প্ৰস্তাৱিত সংসদলৈ যাত্ৰাৰ নেতৃত্ব দিব পাৰে । ইয়াৰ লগতে তেওঁ কয় যে তেওঁ ২০ জুলাই পৰ্যন্ত তেওঁ জীয়াই থাকিব লাগিব । ইয়াৰ পূৰ্বে যদি সোণম ৱাংচুকৰ শৰীৰৰ কোনো ব্যাঘাত ঘটে তেন্তে তেওঁ ভূত হিচাপে হ'লেও ঘূৰি আহিব বুলি মন্তব্য আগবঢ়ায় ।
উল্লেখ্য যে আজি 17 জুলাই শুকুৰবাৰৰ দিনা ৱাংচুকৰ অনশনে ভৰি দিছে ২০ দিনত । দেশৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই অনশন শেষ কৰিবলৈ অনুৰোধ জনায় যদিও নতুন দিল্লীৰ যন্তৰ মন্তৰত উপস্থিত হোৱা দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ দাবী কৰি প্ৰতিবাদ কৰি থকা তেোঁৰ সমৰ্থকসকলক সম্বোধন কৰি ৱাংচুকে কয়, "মই যিকোনো প্ৰকাৰে ২০ জুলাইলৈকে জীয়াই থাকিম যাতে মই আপোনালোক সকলোৰে সৈতে সংসদলৈ সমদল কৰিব পাৰো । আৰু যদি ২০ জুলাইত আমাৰ পদযাত্ৰা সফল নহয়, তেন্তে মই ভূত হিচাপে হ'লেও ঘূৰি আহিম ।"
শিক্ষা ব্যৱস্থাত সংঘটিত হোৱা অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৱাংচুকৰ লগতে একাংশ প্ৰতিবাদকাৰীয়ে । উল্লেখ কৰা প্ৰয়োজন যে, 28 জুনৰ পৰা ৱাংচুকে আৰম্ভ কৰা এই অনশনৰ ফলত ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ ১৭ জুলাইৰ পুৱা চিকিৎসকলে কৰা স্বাস্থ্য পৰীক্ষাত দেখিবলৈ পোৱা গৈছিল তেওঁৰ ওজন ৯ কিলোগ্ৰামতকৈও অধিক হ্ৰাস পাইছে ৷ যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থাক লৈ দেশৰ সচেতন মহল চিন্তিত হৈ পৰিছে আৰু বাৰাম্বাৰ ৱাংচুকক অনশন ভংগ কৰিবলৈ আহ্বান জনাই আহিছে ।