নিশাৰ বৰষুণৰ ফলত খহি পৰিল ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ডৱাল; আতংকিত ৰাইজ
মহানগৰীত বৰষুণ মানেই ক্ৰমাৎ এক আতংকৰ বিষয় হৈ পৰিছে । বুধবাৰৰ পুৱতি নিশাৰে পৰা অহা প্ৰচণ্ড এজাক ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যিক চিৰিয়াখানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বৰষুণৰ ফলত গুৱাহাটীৰ চিৰিয়াখানাৰ জু-ৰোডস্থিত জাপৰিগোগৰ দিশৰ গাৰ্ডৱালখন খহি পৰে । বুধবাৰৰ পুৱতি নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰাৰ লগতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, গাৰ্ডৱালখন খহি পৰাৰ লগে লগে সমীপৱৰ্তী এলেকা তথা স্থানীয় আৱাসীসকলৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে । আনকি বহুতেই সংবাদ মাধ্যমৰ আগত চিৰিয়াখানাৰ ভিতৰত থকা হিংস্ৰ বন্যপ্ৰাণী বা অন্যান্য জীৱ-জন্তু উক্ত অংশৰে ওলাই আহি জনজীৱনত প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে । অৱশ্যে স্থানীয় ৰাইজে অভিযোগ কৰা মতে, গাৰ্ডৱালখন আগৰে পৰাই জৰাজীৰ্ণ অৱস্থাত আছিল আৰু বৰষুণৰ পানী পৰি গাৰ্ডৱালখন অধিক দুৰ্বল হৈ পৰাৰ ফলত ভাঙি পৰে । লক্ষণীয় যে এই সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি বুধবাৰে ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ।
অৱশ্যে বৰ্তমানলৈকে চিৰিয়াখানাৰ পৰা কোনো বন্যপ্ৰাণী ওলাই অহা নাই বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ।