মেঘালয়ত হিংসাত্মক ঘটনা: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ তিনি অভিযুক্তক

শ্বিলঙত ছাত্ৰ সন্থাই বাইক ৰেলী কৰি থকাৰ সময়তে সংঘটিত হয় হিংসাত্মক ঘটনাৰ । যান-বাহনৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰীয়ে মানুহকো আক্ৰমণ কৰা পৰিলক্ষিত হৈছে । বিভিন্ন সংগঠনে জনোৱা প্ৰতিবাদৰ অন্তত বৃহস্পতিবাৰে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ জনকৈ খাচী ছাত্ৰ সন্থাৰ নেতাক । এই নেতা তিনিজনক ২০ আগষ্টৰ দিনা শ্বিলঙৰ জিলা আৰু অধিবেশন ন্যায়াধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

বুধবাৰে গভীৰ নিশা KSU ৰ সভাপতি ৰেমণ্ড খাৰ্জানা, উপ-সভাপতি পিংকমেনলাং ছানমিট আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াৰক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ লৈ যোৱা হয় । বৃহস্পতিবাৰে পুৱা আদালতত হাজিৰ কৰোৱা হয় দুয়োকে ।

KSU ৰ প্ৰতিবাদী সমাৱেশৰ সময়ত সমগ্ৰ শ্বিলঙৰ কেইবাটাও স্থানত সংঘৰ্ষ, শিলগুটি নিক্ষেপৰ লগতে বিভিন্ন কাণ্ড সংঘটিত হোৱাৰ পিছতে এই লোকক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে, কমেও ৩১খন বাহনৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে কেইবাজনো লোকক আক্ৰমণ কৰি আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে । মেঘালয়ৰ বাহিৰত পঞ্জীয়নভুক্ত বাহনকো লক্ষ্য কৰি লয় প্ৰতিবাদকাৰীয়ে । ইয়াৰ লগতে এখন চৰকাৰী বাহনত জুই লগাই দিয়ে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন, আক্ৰমণ আৰু অন্যান্য অপৰাধৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ বিভিন্ন বিধানৰ অধীনত তিনিওজন নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । যোৱা ৪ আগষ্টত মুখ্যমন্ত্রী কনৰাড কে চাংমাক দাখিল কৰা পাঁচ দফীয়া দাবীৰ চনদত মেঘালয় চৰকাৰে কার্যকৰী নকৰাৰ প্রতিবাদত KSU য়ে এই সমাৱেশৰ আয়োজন কৰিছিল ৷

উল্লেখ্য যে, সংগঠনটোৰ শীৰ্ষ নেতৃত্বক গ্ৰেপ্তাৰ কৰাৰ পাচতে চুবুৰীয়া ৰাজ্যখনত উত্তেজনা তীব্ৰভাৱে বৃদ্ধি পাইছে ।

CONRad sangmaKSUMEGHALAYA POLICE
Comments (0)
Add Comment