অশান্ত জৰ্জৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে পাকিস্তান অধিকৃত কাশ্মীৰত । দীৰ্ঘদিন ধৰি হিংসাত্মক হৈ থকা দেখিবলৈ পোৱা গৈছে পাকিস্তান অধিকৃত কাশ্মীৰত । অৰ্থনৈতিক সংকট, সাধাৰণ নাগৰিকৰ প্ৰতি বঞ্চনা, একেৰাহে জাৰি কৰা নিষেধাজ্ঞা আৰু স্থানীয় প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগক কেন্দ্ৰ কৰি অঞ্চলটোত বিগত এবছৰত বহু প্ৰতিবাদ সাব্যস্ত হৈছে ।
এই পৰিস্থিতিৰ মাজতেই ৪৫খন আসনৰ বিধানসভা নিৰ্বাচনৰ বাবে তিনি পৰ্যায়ত অনুষ্ঠিত হৈ আছে । ২৭ জুলাইৰ দিনা প্ৰথম পৰ্যায়ত ১৩ খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হয় । দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো বিভিন্ন স্থানত বিক্ষিপ্ত হিংসাৰ ঘটনা সংঘটিত হয় । মুজাফ্ফৰাবাদকে ধৰি কেইবাটাও এলেকাত বিক্ষোভকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ ছবি পোহৰলৈ আহিছে । ৰাজপথত জ্বলাই দিয়া বাহন, শিলেৰে অৱৰোধ কৰা পথ আৰু ব্যাপক নিৰাপত্তা ব্যৱস্থাই অঞ্চলটোৰ উত্তপ্ত পৰিস্থিতিৰ সাক্ষ্য বহন কৰিছে ।
ইয়াৰ মাজতে পাকিস্তানী সেনাৰ সহায়ত ভোটদান প্ৰক্ৰিয়াত বিসংগতিও হোৱা বুলি বিভিন্ন ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰিছে । সমান্তৰালভাৱে নিৰ্বাচন বয়কট কৰাৰো আহ্বান জনাইছে । আনহাতে, আইন-শৃংখলা নিয়ন্ত্ৰণৰ নামত নিৰাপত্তা বাহিনীয়ে কঠোৰ দমন অভিযান চলোৱাৰ অভিযোগো উত্থাপিত হৈছে । নাগৰিক সমাজ আৰু বিভিন্ন সংগঠনে নিজৰ অধিকাৰ, স্বচ্ছ নিৰ্বাচন আৰু গণতান্ত্ৰিক অধিকাৰৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ ।
এতিয়া তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণক কেন্দ্ৰ কৰি পাকিস্তান অধিকৃত কাশ্মীৰত তীক্ষ্ণ নজৰ ৰখা হৈছে ।