অভিনেত্ৰী কংকনাৰ ইউ টাৰ্ণ: Gutter বুলি কোৱা Gen-G ৰ প্ৰশংসাত পঞ্চমুখ কংকনা

RSS প্ৰমুখ মোহন ভাগৱতৰ পাচত এইবাৰ দেশৰ Zen-G সকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ নেত্ৰী কংকনা ৰাণাৱট । শুকুৰবাৰে জেন- জি প্ৰজন্মক দেশৰ আটাইতকৈ সৰ্বশক্তিমান আখ্যা দিয়ে বিজেপি নেত্ৰীগৰাকীয়ে । লগতে এই প্ৰজন্মটো দেশৰ বাবে গৌৰৱ বুলিও তেওঁ কয় ।

ইয়াৰ লগতে প্ৰতিবাদৰ সময়ত গালি-গালাজ বা উদ্ভণ্ডালি আদিত লিপ্ত হোৱা মুষ্টিমেয় লোকৰ কাৰ্যৰ ভিত্তিত এটা সম্পূৰ্ণ প্ৰজন্মৰ সংজ্ঞা দিয়াটো অন্যায় বুলিও কয় কংকনাই ।

সকলোকে আশ্চৰ্য কৰি বলিউডৰ অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “… আমাৰ চৰকাৰখন Gen Z ৰ আদেশৰ বাবে ইমান দিনে ক্ষমতাত আছে… প্ৰতিবাদৰ সময়ত গালি-গালাজ কৰা সেই ১০–১৫ জন লোকেহে Gen Z ক প্ৰতিনিধিত্ব কৰে বুলি কোৱাটো সঁচা নহয় ।

বিজেপি সাংসদগৰাকীয়ে কয় যে প্ৰতিবাদত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলেও শান্তিপূৰ্ণ আৰু দায়িত্বশীলভাৱে আচৰণ কৰিব পাৰে । ঝাৰখণ্ডত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে দায়িত্বশীলভাৱে বিক্ষোভ কৰি আছে । লগতে ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণ আৰু দায়িত্বশীল আচৰণ কৰিছে বুলিও কয় অভিনেত্ৰীগৰাকীয়ে ।

কংগনাই ভাৰতৰ যুৱ ক্ৰীড়াবিদসকলৰ সাফল্যৰ ওপৰতো আলোকপাত কৰি কয় যে বহু পদক বিজয়ীয়ে নিজৰ জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ বাবে উৎসৰ্গা কৰিছে। পদক লৈ উভতি অহা দেশৰ বহু যুৱকে প্ৰধানমন্ত্ৰীৰ লগতে জাতিটোৰ প্ৰতি উৎসৰ্গা কৰিছে । জেন জেডৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰা লোকৰ সংখ্যা মাত্ৰ মুষ্টিমেয় ।

বিৰোধীৰ কাৰ্যই জনসাধাৰণৰ দুখ-কষ্টৰ সৃষ্টি কৰা বুলি অভিযোগ কৰি সংসদৰ কাৰ্যসূচীত ব্যাঘাত জন্মা বুলিও সমালোচনা কৰি অভিনেত্ৰীগৰাকীয়ে কয়, “বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰিছে আৰু ইয়াৰ বাবে জনসাধাৰণ বহুত ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰৰ কাম-কাজ বা গৃহীত হ’বলগীয়া বিধেয়কসমূহৰ সৈতে তেওঁলোক একমত নহয় ।”

উল্লেখ্য যে, যোৱা সপ্তাহত কংকনাই ইনষ্টাগ্ৰামত ধাৰাবাহিকভাৱে পোষ্ট দি বিতৰ্কৰ সৃষ্টি কৰিছিল, য’ত তেওঁ ককৰোচ জনতা পাৰ্টিৰ বেনাৰত আয়োজিত ছাত্ৰ প্ৰতিবাদক লৈ জেনজেড, বিশেষকৈ ‘যুৱতী হিন্দু মহিলা’ক তীব্ৰ সমালোচনা কৰিছিল । তেওঁ সেইবোৰক ‘generation gutter’ বুলি উল্লেখ কৰিছিল ।

তেওঁলোকক ‘তথাকথিত পশ্চিমীয়াকৃত ভাৰতীয় মহিলা’ ​​বুলি অভিহিত কৰি কংকনাই কয় যে তেওঁলোক ইমানেই দুৰ্নীতিগ্ৰস্ত আৰু কুৎসিত যে তেওঁলোক গৃহিণী হ’ব নোৱাৰে । ড্ৰাগছ, মদ্যপান আৰু নিৰ্লজ্জভাৱে পিতৃ-মাতৃৰ উপাৰ্জনৰ পৰাই জীৱন নিৰ্বাহ কৰাৰ স্বাধীনতাক গৌৰৱেৰে প্ৰদৰ্শন কৰে বুলিও কয় কংকনাই ।

Comments (0)
Add Comment