প্ৰাক্তন মুখ্যমন্ত্ৰীক লক্ষ্য কৰি ইটা-শিল-জোতা দলিয়ালে বিক্ষোভকাৰীয়ে

তীব্ৰ বিক্ষোভৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । উত্থাপিত অভিযোগ অনুসৰি পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ হালিচহৰত দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গাড়ী আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । একাংশ দুৰ্বৃত্তই তেওঁৰ গাড়ীখনত ইটা-শিলেৰে আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ তুলিছে মমতাই । আনকি তেওঁৰ মৃত্যুও হ’লহেঁতেন বুলি দাবী কৰিছে । ৰাজ্যিক বিজেপিয়ে এই আক্ৰমণক সমালোচনা কৰাৰ লগতে হিংসাত্মক ঘটনাত কোনো ভূমিকা নাই বুলি স্বীকাৰ কৰিছে ।

আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হোৱা দলীয় কৰ্মীৰ ঘৰলৈ যোৱাৰ পথত হালিছাহাৰত প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয় বেনাৰ্জীয়ে । প্ৰতিবাদকাৰীয়ে তৃণমূলৰ মুৰব্বীগৰাকীৰ গাড়ীখন ঘেৰাও কৰি বোকা লেপি জোতা আৰু পানীৰ বটল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে ।

সংবাদ মাধ্যমৰ আগত বেনাৰ্জীয়ে কয়, “ইটা আৰু শিলেৰে মোৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল । বাহিৰৰ পৰা অহা একাংশ দুৰ্বৃত্তই আৰক্ষীৰ সন্মুখত মোৰ গাড়ীখনলৈ শিলগুটি নিক্ষেপ কৰিছিল । মোৰ গাড়ীৰ খিৰিকী বন্ধ নহ’লে মোৰ মূৰটো ফাটি গ’লহেঁতেন । মোৰ মৃত্যু পৰ্যন্ত হ’লহেঁতেন । মই কেতিয়াও এনে আক্ৰমণৰ সন্মুখীন হোৱা নাই । আৰক্ষীয়ে আমাক সুৰক্ষা দিবলৈ একোৱেই কৰা নাছিল । তেওঁলোকে কেৱল বিজেপিকহে সুৰক্ষা দিয়ে ।”

ঘটনাৰ সময়ত বেনাৰ্জীৰ সৈতে থকা লোকসভাৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডোলা সেনেও প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

Comments (0)
Add Comment