এতিয়াও মাৰ যোৱা নাই ইৰাণ-আমেৰিকাৰ বিবাদৰ । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লৈ ইৰাণে কৰা এক মন্তব্যই সংবাদ শীৰ্ষৰ লগতে সামাজিক মাধ্যমতো লাভ কৰিছে বিশেষ চৰ্চা । উল্লেখ্য যে, যোৱা মাহত তুৰস্ক ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিমান সলনি কৰিছিল । তেওঁ গোপনে এয়াৰ ফৰ্চ ৱানৰ পৰা আন এখন বিমানলৈ বদলি হৈছিল । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মে Meme ৰ জৰিয়তে ট্ৰাম্পৰ এই পদক্ষেপক উপহাস কৰি দাবী কৰিছে যে এই কাৰ্যই ইৰাণৰ ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ ক্ষমতাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভয় প্ৰদৰ্শন কৰিছে ।
ইৰাণৰ উপহাস ট্ৰাম্পক ?
ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে এই সমগ্ৰ ঘটনাই ইৰাণৰ সামৰিক সামৰ্থক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শংকা প্ৰকাশ কৰিছে । দক্ষিণ আফ্ৰিকাত থকা ইৰাণৰ দূতাবাসৰ X একাউণ্টৰ পৰাও এটা মিম শ্বেয়াৰ কৰা হৈছিল, য’ত দেখা গৈছে যে ট্ৰাম্পে খাদ্যৰে ভৰা কেটাৰিং বক্সৰ ভিতৰত লুকাই আছে । পোষ্টটোত ট্ৰাম্পক কটাক্ষ কৰি উল্লেখ কৰা হৈছে, “ট্ৰাম্পে অতি সোনকালে আৱৰ্জনা পেলোৱা বাল্টিত লুকাই থাকিব লাগিব ।”
সমগ্ৰ ঘটনাটো কি আছিল ?
বিগত মাহত তুৰস্কৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত হোৱা নাটোৰ শীৰ্ষ সন্মিলনৰ পিছত এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে, ট্ৰাম্পে ৮ জুলাইত তুৰস্ক এৰি যোৱাৰ কথা আছিল । প্ৰথম অৱস্থাত তেওঁ এয়াৰ ফৰ্চ ৱানত যাত্ৰা কৰাৰ কথা আছিল যদিও আমেৰিকাৰ চোৰাংচোৱা সংস্থা আৰু নিৰাপত্তা বিষয়াসকলে ইৰাণৰ সম্ভাৱ্য ভাবুকিৰ বিষয়ে তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে ।
এই ভাবুকিক গুৰুতৰ বুলি গণ্য কৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই হঠাতে ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিকল্পনা সলনি কৰে । ট্ৰাম্পক ৰাজহুৱাভাৱে এয়াৰ ফৰ্চ ৱানৰ কাষ চাপি অহা দেখা গৈছিল যদিও তাৰ পিছত বিচক্ষণতাৰে বিমানবন্দৰৰ কেটাৰিং ট্ৰাকৰ জৰিয়তে সৰু চি-৩২এ সামৰিক বিমানলৈ লৈ যোৱা হৈছিল । ইফালে, আমেৰিকাৰ জ্যেষ্ঠ বিষয়া, হোৱাইট হাউছৰ কৰ্মচাৰী আৰু সাংবাদিকৰ প্ৰেছ পুল লৈ এয়াৰ ফৰ্চ ৱানে পৃথকে পৃথকে ৰাওনা হয় । ইৰাণৰ এই নতুন কটাক্ষই স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ ৰাজনীতি আৰু ট্ৰাম্পৰ প্ৰতি ইৰাণৰ মনোভাব এতিয়াও অত্যন্ত সংঘাতপূৰ্ণ আৰু দেশখন মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰতি আক্ৰমণাত্মক হৈয়ে আছে । মধ্যপ্ৰাচ্যত বৰ্ধিত উত্তেজনা আৰু আমেৰিকাৰ আগন্তুক ৰাজনৈতিক ধুমুহাৰ মাজতে ইৰাণৰ এই কটাক্ষই বিশ্ব ৰাজনীতিত বৃহৎ চৰ্চা লাভ কৰিছে ।