জাৰ্মানীত গ্ৰেপ্তাৰ হ’ল এজন ২০ বছৰীয়া ভাৰতীয় ছাত্ৰ । প্ৰেমিকাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ছাত্ৰজনক । উল্লেখ্য যে, আমেৰিকাৰ এৰিজোনাৰ এটা এপাৰ্টমেণ্টত ভাৰতৰ ছাত্ৰগৰাকীৰ প্ৰেমিকাক মৃত অৱস্থাত উদ্ধাৰ হৈছিল । ইয়াৰ পিছতে ভাৰতীয় ছাত্ৰজনক বিচাৰি আৰক্ষীয়ে অভিযান চলায় আৰু জাৰ্মানীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযুক্ত ভাৰতীয় ছাত্ৰজনৰ নাম হ’ল বৰুণ বাচিগাৰী ।
বৃহস্পতিবাৰৰ বিয়লি প্ৰায় ৪ বজাত (স্থানীয় সময় অনুসৰি) এই শিহৰণকাৰী ঘটনাটো সংঘটিত হয় । টাচন আৰক্ষী বিভাগে জনোৱা মতে, এৰিজোনা বিশ্ববিদ্যালয়ৰ সমীপত অৱস্থিত এপাৰ্টমেণ্টটোত ১৯ বছৰীয়া কলেজীয়া ছাত্ৰী জুলিছা ৰুবি চালাজাৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । ১০ আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত প্ৰকাশিত তথ্য অনুসৰি, বৰুণে প্ৰমিকাক হত্যা কৰি আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছিল ৷ আমেৰিকাৰ পৰা জাৰ্মানী আৰু জাৰ্মানীৰ পৰা ভাৰতলৈ বৰুণৰ সংযোগী বিমান আছিল ৷
এই হত্যাকাণ্ডৰ পাছতে বৰুণে জুলিছা ৰুবী চালাজাৰ মোবাইল ফোন আৰু ক্ৰেডিট কাৰ্ড চুৰি কৰিছিল বুলি তদন্তকাৰী দলে অভিযোগ তোলে ৷ পৰৱৰ্তী সময়ত বৰুণে জুলিছা বুলি তেওঁৰ মাকক মোবাইল ফোন আৰু ক্ৰেডিট কাৰ্ড চুৰি হোৱাৰ কথা মেছেজযোগে কৈছিল ৷ এই মেছেজত জুলিছাৰ মাকৰ কিছু সন্দেহ ওপজাত আৰক্ষীক অৱগত কৰে ৷ তাৰ পাছতে আৰক্ষীয়ে ঘটনাটোৰ পৰীক্ষা কৰিবলৈ বৰুণ থকা এপাৰ্টমেণ্টলৈ যায় আৰু সকলো শিহৰণকাৰী ঘটনা পোহৰলৈ আহে ৷ ইয়াৰ পাচত আৰক্ষীয়ে জুলিছাৰ মৃতদেহটো উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে বৰুণৰ প্ৰেমিকাৰ নশ্বৰ দেহত আঘাতৰ চিন লক্ষ্য কৰে । বৰুণ জাৰ্মানীত অৱতৰণ কৰাৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে; যাৰ বাবে তেওঁ ভাৰতত উপস্থিত হ’ব নোৱাৰিলে । কৰ্তৃপক্ষই জনোৱা মতে, টিপিডি, এফবিআই টাচন কাৰ্যালয় আৰু বাৰ্লিনৰ এফবিআইৰ আইনী সংযুক্ত কাৰ্যালয়ৰ যৌথ সমন্বয়ত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত বৰুণক । জানিব পৰা মতে, বৰুণক এৰিজোনালৈ প্ৰত্যাৰ্পণ কৰা হ’ব আৰু পিমা কাউন্টি এডাল্ট ডিটেনচন কমপ্লেক্সত জিম্মাত লোৱা হ’ব ।