ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ প্ৰধান মোহন ভাগৱতে মুম্বাইৰ নিতা-মুকেশ অম্বানী কালচাৰেল চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বৃহস্পতিবাৰে কয়, “Gen Z প্ৰজন্মক কেতিয়াও ‘দেশবিৰোধী’ বুলি আখ্যা দিয়া উচিত নহয় । তেওঁলোক আমাৰ নিজৰ আৰু দেশৰ উত্তৰ প্ৰজন্ম । গতিকে তেওঁলোকৰ পৰা আঁতৰি থকাৰ পৰিৱৰ্তে চৰকাৰ আৰু যুৱক-যুৱতীসকলৰ মাজত অধিক সংযোগ হোৱাটো প্ৰয়োজন ।”
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে মুম্বাইত আয়োজিত বিশেষ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গণতন্ত্ৰ আৰু শিক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইট নেশ্যনছ’ ৰ ১৫ বছৰীয়া জয়ন্তী উপলক্ষে নিতা-মুকেশ অম্বানী কালচাৰেল চেণ্টাৰত আয়োজিত এই অনুষ্ঠানত প্ৰায় ২,০০০ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ সৈতে ভাগৱতে মতবিনিময় কৰে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি আৰএছএছ প্ৰধানগৰাকীয়ে কয়, “গণতান্ত্ৰিক ব্যৱস্থাত আন্দোলন বা প্ৰতিবাদ হৈছে আলোচনা প্ৰক্ৰিয়াৰে ঐক্যমত গঢ়ি তোলাৰ এক বৈধ উপায় ।”
আনহাতে ভাগৱতে উল্লেখ কৰে যে গণতন্ত্ৰত ভিন্ন মতামত আহিব পাৰে আৰু আলোচনাৰ জৰিয়তেহে সমাধান সূত্ৰ ওলায় । যদি কিবা কাৰণত পোনপটীয়া আলোচনাৰ যোগেদি সমস্যা সমাধান নহয়, তেন্তে জনতাই প্ৰতিবাদৰ পথ ল’বলগীয়া হয় । কিন্তু এনে প্ৰতিবাদে সমাজত বিভাজন আনিবলৈ নহয়, বৰঞ্চ সুস্থ ঐক্যমত গঢ়ি তোলাৰ বাবেহে কৰা উচিত ।
দেশৰ শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা পৰিচালনাৰ বিসংগতি সন্দৰ্ভত যুৱ প্ৰজন্মই কৰা প্ৰতিবাদক সমৰ্থন জনাই তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা বিষয়সমূহ সম্পূৰ্ণ সত্য আৰু যুক্তিসংগত । ইয়াৰ লগতে RSSৰ মুৰব্বীগৰাকীয়ে Gen Z আৰু Gen Alpha পূৰ্বৰ প্ৰজন্মতকৈ কম দায়বদ্ধ বা প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰচলিত ধাৰণাটোকো নাকচ কৰি তেওঁৰ এইক্ষেত্ৰত অভিজ্ঞতা সম্পূৰ্ণ পৃথক বুলি উল্লেখ কৰে । তেওঁ কয়, “যেতিয়াই মোক এই নতুন প্ৰজন্মৰ বিষয়ে সোধা হয়, মই একেখিনি কথাই কৈ আহিছো আৰু আজিও কৈছো । মোৰ বিশ্বাস Gen Z আৰু Gen Alpha আমাৰ বৰ্তমানৰ প্ৰজন্মতকৈ অধিক সৎ । তেওঁলোকৰ দেশপ্ৰেম আৰু সমাজসেৱাৰ ভাৱো অধিক ।”