২০১৩ চনত প্ৰবীণ সাংবাদিক তৰুণ তেজপালৰ বিৰুদ্ধে কনিষ্ঠ সহকৰ্মীয়ে দাখিল কৰিছিল যৌন নিৰ্যাতনৰ গোচৰ । বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে ‘টেহেলকা’ৰ প্ৰাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত কৰে । শেহতীয়া তথ্য অনুসৰি বিচাৰপীঠে এই শাস্তি ঘোষণা কৰিছে । তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ন্যায়ালয়ে ।
ইফালে যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত টেহেলকা আলোচনীৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালে কয়, “আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়লৈ যাম । ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ বাবে আৰু টেহেলকাৰ কামৰ বাবেই একাংশ লোক মোৰ পিছত পৰিছে । উমৰ খালিদ আৰু শ্বাৰ্জিল ইমাম কেইবাবছৰ ধৰি কাৰাগাৰত আছে ।”
বম্বে উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে ২০২১ চনত গোৱা অধিবেশন আদালতে তেজপালক যৌন নিৰ্যাতনৰ অভিযোগত দোষমুক্ত কৰাক প্ৰত্যাহ্বান জনাই গোৱা চৰকাৰে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল । উল্লেখ্য যে, হোটেলৰ লিফটত সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল তেজপালৰ বিৰুদ্ধে ।
২০১৭ চনৰ ২৯ ছেপ্টেম্বৰত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (IPC) ধৰ্ষণ, যৌন নিৰ্যাতন, অন্যায়ভাৱে কাৰাবন্দী কৰাকে ধৰি বিভিন্ন ধাৰাত অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে দোষমুক্ত বুলি ৰায়ো দিয়া হৈছিল । অভিযোগ ফ্ৰেমৱৰ্ক হোৱাৰ পিছতে তেজপালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চতম ন্যায়ালয়ে অভিযোগ বাতিল কৰিবলৈ অস্বীকাৰ কৰি ছমাহৰ ভিতৰত বিচাৰ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
২০২১ চনত বিচাৰ আদালতে তেওঁক দোষমুক্ত কৰাৰ পাছত গোৱা চৰকাৰে এই ৰায়ক প্ৰত্যাহ্বান জনায় । কিয়নো উপযুক্ত প্ৰমাণৰ অভাৱৰ বাবেই ২০২১ চনৰ মে’ মাহত মাপুচাৰ বিশেষ আদালতে তেজপালক সকলো অভিযোগৰ পৰা দোষমুক্ত কৰিছিল । নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত গোৱা চৰকাৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷