পুনৰ ৰাজধানী অভিমুখে আগ্ৰসৰ হৈছে দেশৰ কৃষক সমাজ । বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে তেওঁলোকৰ বিভিন্ন দাবী আৰু সমস্যা সমাধানৰ বাবে পদযাত্ৰাৰ পথ বাছি লৈছে । জানিব পৰা মতে, ৫১ জনীয়া কৃষকৰ এটা দলে প্ৰায় ২০০ জন কৃষকৰ সৈতে এক প্ৰতিবাদী সমদল লৈ ৰাজধানী অভিমুখে আগবাঢ়িছে । বৰ্তমান পঞ্জাব-হাৰিয়ানা সীমান্ত আৰু দিল্লী অভিমুখে কৃষকৰ পদযাত্ৰা আগবাঢ়িছে আৰু ইয়াক কেন্দ্ৰ কৰি প্ৰশাসনীয় সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
কৃষক নেতাসকলে জনোৱা অনুসৰি আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা কৃষকৰ স্মৃতিত এই পদযাত্ৰাৰ আয়োজন কৰা হৈছে । এই পদযাত্ৰাৰ সময়ত কৃষকৰ বাকী থকা দাবীসমূহ সন্দৰ্ভত আলোকপাত কৰা হ’ব । ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বাতিল কৰাকে ধৰি অন্যান্য বিষয়তো কৃষকসকলে মাত মাতিব ৷
পঞ্জাবৰ কৃষকসকলে দিল্লী অভিমুখে পদযাত্ৰা আৰম্ভ কৰিছে । অহা ২৯ আগষ্টত দিল্লীৰ যন্তৰ মন্তৰত এই কৃষকসকল উপস্থিত হোৱাৰ কথা আছে । এই পদযাত্ৰাৰ নেতৃত্বত আছে কৃষক নেতা জগজিৎ সিং দলেৱালে । প্ৰশাসনে খানৌৰী-দাতা সিংৱালা সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে ।
এই পদযাত্ৰালৈ লক্ষ্য ৰাখি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । দিল্লীমুখী যাত্ৰা ৰোধ কৰিবলৈ সীমান্ত অঞ্চলত প্ৰশাসনে পকী বেৰিকেড স্থাপন কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পানী হিলৈৰো ব্যৱস্থা কৰা হৈছে । আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ আৰক্ষী-প্ৰশাসন সজাগ হৈ আছে ।