হ্ৰদত বাগৰিল অভাৰলোড ফেৰী; ৪৪ জনৰ সলিল সমাধি

বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, জিম্বাবুৱেৰ কাৰিবা হ্ৰদত অভাৰলোড ফেৰী এখন বাগৰি পৰাৰ পিছত দিনটোত ৪৪ জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । আৰক্ষীয়ে X উল্লে্খ কৰা অনুসৰি, জিম্বাবুৱে আৰু জাম্বিয়াৰ সীমান্তৰ অংশ হিচাপে গঠন হোৱা হ্ৰদটোৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে । কিন্তু মঙলবাৰে চৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত ফেৰীৰে সংঘটিত হোৱা দুৰ্যোগটো সংঘটিত হোৱাৰ পাছত সৰ্বমুঠ কিমান লোক আহত বা নিৰুদ্দেশ হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে সৱিশেষ তথ্য প্ৰকাশ কৰা নাই ।

জিম্বাবুৱেৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই জনোৱা মতে, কমেও ১১৪ জন প্ৰাপ্তবয়স্ক যাত্ৰী আৰু পাঁচজন ক্ৰু মেম্বাৰ কঢ়িয়াই অনাৰ সময়তে ফেৰীখন বাগৰি পৰে । মঙলবাৰে সংস্থাটোৱে জনোৱা মতে, ৭৭ জন লোকক উদ্ধাৰ কৰা হৈছে ।

ফেৰীখনত কিমানজন লোক আছিল সেয়া স্পষ্ট হোৱা নাছিল কাৰণ এই পৰিসংখ্যাত কেৱল টিকট ক্ৰয় কৰাসকলকহে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু টিকট দিয়াৰ বয়সৰ তলৰ শিশুসকলো ফেৰীখনত থকাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । ৰাজ্যিক সম্প্ৰচাৰক জেডবিচিয়ে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ ভিতৰত শিশুও আছে যদিও কৰ্তৃপক্ষই সেই সবিশেষ তৎক্ষণাত প্ৰকাশ কৰা নাই ।

কৰ্তৃপক্ষই জনোৱা মতে, ফেৰীখনত ৯০ জন লোক কঢ়িয়াব পৰা ক্ষমতা আছিল । বিলৰ আশে-পাশে থকা গ্ৰাম্য জনগোষ্ঠীৰ লোকক পাৰৰ কাৰিবা চহৰলৈ নিবলৈ ব্যৱহাৰ কৰা হয় ।

সংসদৰ স্থানীয় সদস্য মুটছা মুৰ’ম্বেডিয়ে মঙলবাৰে এটা ভিডিঅ’ পোষ্ট কৰে, য’ত তেওঁ কয় যে ফেৰীখনে যাত্ৰা আৰম্ভ কৰাৰ সময়ত পাৰৰ মানুহে হাত জোকাৰিছিল । ভিডিঅ’টোত প্ৰকাশ পাইছে যে বয়সীয়াল ফেৰীখনে প্ৰবল ঢৌ চম্ভালিব পাৰিব নেকি সেই সন্দৰ্ভতো একাংশ লোকে উদ্বেগ প্ৰকাশ কৰিছিল ।

আয়তনৰ হিচাপত কাৰিবা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট হ্ৰদ আৰু ১৯৫০ চনৰ শেষৰ ফালে আৰু ১৯৬০ চনৰ আৰম্ভণিতে জাম্বেজি নদীত বান্ধ নিৰ্মাণ কৰি সৃষ্টি কৰা হৈছিল । এই বিশাল হ্ৰদটো বৰ্তমান ২০০ কিলোমিটাৰতকৈও অধিক (১২৪ মাইল) দীঘল আৰু ঠায়ে ঠায়ে ৪০ কিলোমিটাৰ (২৫ মাইল) পৰ্যন্ত বহল ।

ইয়াৰ মাজতে জিম্বাবুৱে আৰু জাম্বিয়াৰ আনুষ্ঠানিক সীমান্ত ।

Comments (0)
Add Comment