জ্বলি থকা জাহাজৰ পৰা ২৫ জনক উদ্ধাৰ ওমানৰ, টেংকাৰৰ চলাচল বন্ধ কৰিলে ইৰাণে
শুক্ৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ২৫ জন নাবিকক উদ্ধাৰ কৰিছে ওমানৰ নৌসেনাই। ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই জনোৱা মতে, পানামাৰ পতাকা থকা RITI নামৰ বাণিজ্যিক জাহাজখনত আক্ৰমণৰ পিছত জুই লাগে। জাহাজখন আচলতে এখন খাৰুৱা তেলৰ টেংকাৰ আছিল। নাবিকসকলক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছে।
আনফালে ইৰাণৰ ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ড কৰ্পছে (IRGC) জনাইছে যে হৰমুজ প্ৰণালীৰে অবৈধ পথেৰে পাৰ হ’বলৈ চেষ্টা কৰা ৩ খন তেলৰ টেংকাৰক বাধা দিয়া হৈছে। ইৰাণৰ দাবী, টেংকাৰকেইখনে নিজৰ নেভিগেচন ব্যৱস্থা বন্ধ কৰি আমেৰিকাৰ সহায়ত অবৈধ পথেৰে ওলাই যাবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত মাইনত খুন্দা মাৰি এখন ২০ লাখ বেৰেল তেল কঢ়িওৱা ছুপাৰ টেংকাৰত বিস্ফোৰণ ঘটে।

ইৰাণে সকলো জাহাজকে তেওঁলোকৰ সেনাৰ সৈতে সমন্বয় কৰি নিৰ্ধাৰিত পথেৰেহে যাবলৈ নিৰ্দেশ দিছে। ওমান উপকূলৰ ওচৰৰ দক্ষিণৰ কৰিডৰটোক তেওঁলোকে অবৈধ বুলি ঘোষণা কৰিছে।
ব্ৰিটেইনৰ UKMTO সংস্থাই জনোৱা মতে, ইৰাণৰ লাভান দ্বীপৰ পৰা ৪০ নটিকেল মাইল দক্ষিণত আন এখন জাহাজতো অজ্ঞাত প্ৰজেক্টাইলে আক্ৰমণ কৰি জুই লগাই দিয়ে।
উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলে ইৰাণত আক্ৰমণ কৰাৰ পিছৰে পৰা হৰমুজ প্ৰণালীৰে সামুদ্ৰিক পৰিবহণত ইৰাণে কঠোৰ বাধা আৰোপ কৰি আহিছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে দাবী কৰিছে যে তেওঁলোকে প্ৰণালীৰ প্ৰধান পথসমূহ ইৰাণৰ মাইনৰ পৰা মুক্ত কৰিছে।