পৰৱিন্দৰ সিং ঝোটা হত্যাকাণ্ড: তদন্তৰ দায়িত্ব ল’লে CBI-এ, PGI চণ্ডীগড়ত হ’ব মৰণোত্তৰ পৰীক্ষা
পৰৱিন্দৰ সিং ঝোটা হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব CBI-এ গ্ৰহণ কৰিছে।
এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, এই গোচৰৰ সৈতে জড়িত সকলো নথি-পত্ৰ CBI-ক হস্তান্তৰ কৰা হৈছে। CBI-ৰ এটা বিশেষ দলে অতি সোনকালে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিব।
আনহাতে, নিহত পৰৱিন্দৰ সিং ঝোটাৰ মৰণোত্তৰ পৰীক্ষা PGI চণ্ডীগড়ত কৰা হ’ব বুলি জানিব পৰা গৈছে। পৰিয়ালৰ দাবীৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, যাতে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে হয়।
উল্লেখ্য যে, এই হত্যাকাণ্ডক লৈ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।