Your Mic Your Voice

বিদ্যালয়ত গুলীচালনা; ককাক-আইতাকসহ মৃত্যু ঘটিল ৮ জনৰ

0

শুকুৰবাৰে থাইলেণ্ডত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা । বিদ্যালয়ত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । জানিব পৰা মতে, নিজৰ বিদ্যালয়ত গুলীচালনা কৰাৰ পূৰ্বে প্ৰথমে অভিযুক্তই তেওঁলোকৰ ঘৰৰ ককা-আইতাকক গুলীয়াই হত্যা কৰে ।

স্থানীায় আৰক্ষীয়ে জনোৱা অনুসৰি, এই আক্ৰমণত শ্বুটাৰৰ আক্ৰমণত ককাক-আইতাকৰ উপৰিও আন তিনিজন ছাত্ৰ-ছাত্ৰী আৰু তিনিজন শিক্ষকে প্ৰাণ হেৰুৱাবলগীয়া হয় । আৰক্ষীৰ মতে, বিদ্যালয়খনৰ ছাত্ৰ হিচাপে চিনাক্ত হোৱা কিশোৰ গুলীচালনাকাৰীজনে পৰৱৰ্তী সময়ত নিজকে গুলীওৱাৰ ফলত মৃত্যু ঘটে ।

বন্দুকধাৰীয়ে প্ৰথমে ককাক-আইতাকক হত্যা কৰিছিল
থাইলেণ্ড আৰক্ষীয়ে জনোৱা মতে, বেংককৰ উত্তৰ-পশ্চিমে অৱস্থিত ননথাবুৰি প্ৰদেশৰ বিদ্যালয়লৈ যোৱাৰ পূৰ্বে বন্দুকধাৰীয়ে নিজৰ ককাক-আইতাকক তেওঁলোকৰ বাসগৃহত গুলীয়াই হত্যা কৰে আৰু পৰৱৰ্তী সময়ত বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ ওপৰতো গুলীচালনা কৰে ।

দুয়োটা আক্ৰমণৰ আঁৰৰ উদ্দেশ্য বৰ্তমানেও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ মতে গুলীচালনাত ব্যৱহৃত আগ্নেয়াস্ত্ৰ ছাত্ৰজনৰ পৰিয়ালৰ এজন সদস্যৰ পৰা লোৱা হৈছে ।

কি হৈছিল বিদ্যালয়খনত ?

গুলীচালনাৰ ফলত দেবছিৰিন ননথাবুৰী বিদ্যালয়ত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীসকলে কেম্পাছৰ পৰা পলায়ন কৰাৰ লগতে এম্বুলেন্সৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বিদ্যালয়ৰ বাহিৰত আৱেগিক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল ।

unimex

১৮ বছৰীয়া এজন ছাত্ৰই ৰয়টাৰ্ছক জনোৱা মতে, প্ৰথমতে তেওঁ বন্দুকৰ গুলীৰ শব্দক ফটকা বুলি ভাবিছিল বুলি জনায় । জৰুৰীকালীন কৰ্মীসকলে জনোৱা মতে, কেইবাজনো ভুক্তভোগীৰ বুকু, পিঠি আৰু বাহুত গুলীৰ আঘাত পোৱা গৈছে ।

নিহতসকলৰ ভিতৰত আছিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

থাইলেণ্ডৰ শিক্ষামন্ত্ৰী প্ৰাচেৰ্ট জাণ্টাৰৰুৱাংটঙে নিশ্চিত কৰিছে যে নিহতসকলৰ ভিতৰত শিক্ষক আৰু ছাত্ৰ উভয়েই আছে । জৰুৰীকালীন সঁহাৰিদাতা কিয়াটিখুন ভেৰাপংপ্ৰদিথে জনোৱা মতে, গুলীচালনা চলি থকাৰ সময়তে তেওঁৰ দলটোৱে বিদ্যালয়খনত উপস্থিত হয় ।

তেওঁ কয় যে উদ্ধাৰকাৰীয়ে বিদ্যালয়খনৰ এটা ওপৰৰ মহলাত এজন শিক্ষকক মৃত অৱস্থাত উদ্ধাৰ কৰে । আন এটা কোঠাত বুকু আৰু বাহুত গুলীৰ আঘাত পোৱা এগৰাকী শিক্ষয়িত্ৰীক উদ্ধাৰ কৰে ।

দ্বিতীয়বাৰৰ বাবে সংঘটিত হৈছে এই ঘটনা

শুকুৰবাৰৰ এই আক্ৰমণ চলিত বৰ্ষত থাইলেণ্ডৰ বিদ্যালয়ত হোৱা দ্বিতীয়টো গুলীচালনাৰ ঘটনা ।

ফেব্ৰুৱাৰী মাহত এজন ১৭ বছৰীয়া যুৱকে আৰক্ষীৰ পৰা অস্ত্ৰ চুৰি কৰি দক্ষিণ থাইলেণ্ডৰ এখন ৰাজহুৱা হাইস্কুলত গুলীচালনা কৰিছিল, য’ত এজন শিক্ষকৰ মৃত্যু হৈছিল, এজন ছাত্ৰ আহত হৈছিল আৰু কিছু সময়ৰ বাবে পণবন্দী হৈছিল ।

Leave A Reply

Your email address will not be published.

Translate »