Your Mic Your Voice

হাছিনাৰ সংবাদমেলৰ পাচতেই উত্তপ্ত বাংলাদেশ;প্ৰাক্তন ক্ৰিকেটাৰৰ ঘৰত বোমা নিক্ষেপ

0

পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশ । দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন দিল্লীত আয়োজিত এক সংবাদমেলত ভাৰ্চুৱেলি উপস্থিত হোৱাৰ কিছু ঘণ্টাৰ পিছতে অৰ্থাৎ বুধবাৰৰ নিশা পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশ । দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কোনো অজ্ঞাত স্থানত আয়োজিত এক সংবাদমেলত ভাৰ্চুৱেলি উপস্থিত হোৱাৰ কিছু ঘণ্টাৰ পিছতে অৰ্থাৎ বুধবাৰৰ নিশা পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া দেশ বাংলাদেশ । দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কোনো অজ্ঞাত স্থানত আয়োজিত এক সংবাদমেলত ভাৰ্চুৱেলি উপস্থিত হোৱাৰ কিছু ঘণ্টাৰ পিছতে অৰ্থাৎ বুধবাৰৰ নিশা পেট্ৰ’ল বোমা নিক্ষেপ কৰা হয় বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক তথা আৱামি লীগৰ প্ৰাক্তন সাংসদ ছাকিব আল হাছানৰ পূৰ্বপুৰুষৰ ঘৰত ।

স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮:৪৫ বজাত মাগুৰা চহৰৰ কেছাবমোৰ অঞ্চলৰ ছাকিব আল হাছানৰ পূৰ্বপুৰুষৰ বাসগৃহত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা । আক্ৰমণকাৰীয়ে ঘৰটোও ভাঙি লণ্ডভণ্ড কৰে ।

নতুন দিল্লীৰ বিদেশী সংবাদদাতা ক্লাবত আয়োজিত ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতে এই ঘটনা সংঘটিত হয় ।

আৱামি লীগে এক বিবৃতিযোগে নব্য ফেচিবাদে বাংলাদেশক আগুৰি ধৰিছে ।

উল্লেখ্য যে, বৰ্তমানেও আত্মগোপন কৰি থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মংগলবাৰে ভাৰ্চুৱেল ভাষণ দি ডিচেম্বৰ মাহত বাংলাদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে বদ্ধপৰিকৰ বুলি ঘোষণা কৰি কয় যে তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে গ্ৰেপ্তাৰ বা আনকি মৃত্যুৰ সন্মুখীন হ’বলৈও সাজু ।

unimex

এই সন্দৰ্ভত তেওঁ কয়, ”মোৰ প্ৰত্যাৱৰ্তনৰ কথা নহয়, বাংলাদেশক পুনৰ উন্নয়ন, ধৰ্মনিৰপেক্ষতা আৰু সমৃদ্ধিৰ পথত ৰখাটোহে মূল কথা ।”

৭৮ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ দেশলৈ উভতি অহাৰ পাচত সন্মুখীন হ’বলগীয়া পৰিস্থিতি সন্দৰ্ভত আশংকা প্ৰকাশ কৰি কয়, “মই জানো, তেওঁলোকে মোক জেলত ভৰাই দিব পাৰে বা হত্যা কৰিব পাৰে ।”

শ্বেখ হাছিনাই পুনৰ কয়, “ঘৰ, কৰ্মস্থলী আৰু শৈক্ষিক চৌহদত আতংকই বিৰাজ কৰিছে; আমি নিৰ্মাণ কৰা বাংলাদেশ এয়া নহয় । গণতন্ত্ৰ আৰু ন্যায়ৰ বাবে বাংলাদেশৰ জনসাধাৰণৰ সৈতে থিয় দিবলৈ মই আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনাইছো । মোক দেশৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও মই কেতিয়াও মোৰ মানুহৰ পৰা পৃথক নহয় ।”

মাহৰ পিছত মাহ ধৰি চৰকাৰ বিৰোধী প্ৰতিবাদৰ অন্তত চৰকাৰৰ পতনৰ পিছত ঢাকাৰ পৰা পলায়ন কৰা হাছিনাই ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত বসবাস কৰি আছে ।

হাছিনা আৰু তেওঁৰ পুত্ৰ ছাজিব ৱাজেদ জয়ৰ সমান্তৰালকৈ আৱামি লীগৰ কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে, য’ত প্ৰাক্তন শিক্ষামন্ত্ৰী মহিবুল হাছান চৌধুৰী ন’ফেলকে ধৰি ভাৰ্চুৱেলভাৱে সংবাদমেলত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.

Translate »